Baahi by xomoy

Rename playlist

Enter new name

OBHIMANI RADHA, Listen the songs of  OBHIMANI RADHA, Play the songs of OBHIMANI RADHA, Download the songs of OBHIMANI RADHA

OBHIMANI RADHA

Copyright © Mon Akash Musical

Similar Songs

About song

Artists :Mon Akash Musical
Genre :EDM
220 Plays
Music: SKKAI
Tune: Mousum Kakoty, Mon Akash
Lyricist: Mon Akash, Achurjya Anurag, Sangita Devi
Composition: Mon Akash
Copyright © Mon Akash Musical

Lyrics

Music
: সোণাৰুৰ হালধীয়া পাহিটি হৈ
বুকুতে ফুলি ৰ'লি
জোনাক হৈ হিয়াত সিছিলি সোৱৰণি
অ মোৰে ৰাধা অভিমানী

Music

: বলিয়া ফাগুনৰ অভিমানী বতাহে
পগলা কৰে যৌৱন
ৰাংঢালি হৃদয়ত আলসুৱা মৰমেৰে
সানিলি কিনো ৰসন

: উতনুৱা মনত অভিমানী মৰমে
আতুৰ কৰে মোৰ হিয়া
চিনাকি মদাৰৰ ৰাঙলী আভাই
আনিছে ফাগুনি মলয়া

: অ তোৰ সৰু সৰু অভিমান বোৰ জাননে অ মৰম
সামৰি বুকুতে লওঁ
তই জাননে বাৰু কিমান সযতনে
হিয়াতে তোকে মই সাঁচি থওঁ

: ঝিৰ ঝিৰাই নিজৰাৰ দৰে বৈ থাক'
তই মোৰে বুকুত
তিৰবিৰাই তৰালীৰ দৰে
তোৰে ছবিটি জিলিকি ৰয়
মোৰ দুচকুত
Music

: দূৰে দূৰে নৰবি তই
অ মোৰে অভিমানী পখিলী
হৃদয় খন যাচিছো অ প্ৰিয়া বাউলী
দুবাহুতে থ'চোন সামৰি

সুখে দুঃখে প্ৰতি খোজে খোজে
হম হিয়াৰে লগৰী ...
মোৰ আধৰুৱা সপোন পুৰাবলৈ
আহিবিনে তই কাষে চাপি
: প্ৰতি সেমেকা পুৱাত তোৰ সেমেকা চুলিৰে জগাবিহি মোকে আহি
খং অভিমান বোৰ তোৰ লম বুকুতে সামৰি
উকা কপালতে দিম ৰঙা বেলিটি আঁকি
: সপোনৰ পৃথিৱীত যমুনাৰ বালিত
তোৰ সতে থাকো মই উমলি
মই হও তোৰ কানাই হাতত লৈ বাঁহীটি
কাষতে তই মোৰে ৰাধা অভিমানী